তিতা ফুল:
(Phlogocanthus thyrsiflorus, Fam: Acanthaceae)
সৰু গছ, প্ৰায় ২ মি: ওখ, ফুল ৰঙা, জ্বৰ, কাহ, কৃমিজনিত অসুখত খোৱা হয়।তেজ পৰিস্কাৰ কৰে, অৰ্শ ৰোগ, বসন্ত ৰোগ, হাঁপানি ৰোগৰ উপশম হয়।
তিতাখাৰি (যাত্ৰাসিদ্ধি)
(Justicia gendaurussa Syn: Gendaurussa vulgaris, Fam: Acanthaceae)
জোপোহা গছ, ফুল বগা, পাতৰ ৰস বাত বিষৰ ঔষধ, ঘৰ্মকাৰক।
তুবুকিলতা
(Stephania hernaudifolia, Fam: Menispermaceae)
কান্ডাৰোহী গছ, ফুল বগা, ফল গোলাকাৰ, কলেৰা, পিত্তজনিত জ্বৰ, ডিঙিত কফ জমা, অৰ্শ, অজীৰ্ণতা, অৰুচি আদিত পাতৰ আৰু শিপাৰ ৰস খালে উপশম হয়। শ্বেত প্ৰদৰ আৰু প্ৰশ্ৰাৱৰ অসুখত পাতৰ ৰস মিচিৰিৰ লগত খালে ভাল হয়। দুখ পোৱা ঠাইত পাতৰ গৰম সেক দিলে ভাল হয়।
তিতাভেকুৰি
(Solonum indicaum, Fam: Solanaceae)
গা গছ, পাত পুস্পদন্ডত কাঁইট থাকে, বেঙেনা গছৰ দৰে , ফুল বগা, ফল গোলাকাৰ। অজীৰ্ণ, পেটৰ বিষ, অৰুচি লগা, পুৰণা হাঁপানি ৰোগ, পিত্তজনিত অসুখ নিৰাময়ৰ বাবে খোৱা হয়। গাঁঠিত বিষ হলে দৈনিক ভাতৰ লগত ফল খাব লাগে, প্ৰষ্ট্রেট গ্লেন্ডৰ বিকাৰত বা পাথৰি ৰোগত শিপাৰ ছাল গুড়ি কৰি ৭/৮ দিন খালে ভাল ফল পোৱা যায়। কিহবাই বিন্ধিলে বা ডাকিলে ফলৰ ৰস লগাব লাগে আৰু খাব লাগে, ছায়েটিকা ৰোগ উপশম হয়, মূৰত টকৌৱে খোৱাত লগালে ভাল হয়।
No comments:
Post a Comment