Total Pageviews

Monday, 24 March 2014

অগৰা,অনন্তমূল,অন্তমূল,অমৰা,অগ্নিজলোৱা

অগৰা
(Xanthium strumarium, Fam: Asteraceae)

চাপৰ গছ, ফল সমুহত হাকোতা শুং থকা । গছ জোপা ঘৰ্মকাৰক, মুত্ৰ নি্ঃসাৰক ।









অনন্তমূল
(Hemidesmus indicus, Fam: Asclepidaceae)

 কাণ্ডাৰোহী গছ, ফুল বগা, ইয়াৰ শিপা অৰ্শৰোগ, হাত-ভৰি জ্বলা-পোৰা কৰাত, হাঁপানী, অনিয়মিত ঋতুস্ৰাৱত, আমাশয় ৰোগত, মাতৃৰ দুগ্ধ বৃদ্ধিকৰাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।




অন্তমূল
(Tylophora asthmatica, Fam: Asclepediaceae)
আৰোহী লতা, পাতল হালধীয়া ফুল, ভিতৰ ফালে সামান্য বেঙুনীয়া, ইয়াৰ পাত হাঁপানি ৰোগৰ ঔষধ ।









অমৰা
(Spondius mangifera, Fam: Anacardiaceae)

পাত, ফল গ্ৰহণী তথা পেটৰ ৰোগৰ ঔষধ ।গছৰ ছাল ডায়েবেটিছ ৰোগৰ তথা প্ৰস্ৰাৱ জনিত ৰোগৰ ঔষধ।









অগ্নিজলোৱা
(Woodfordia fruticosa, Fam: Lythraceae)

পৰ্ণপাতী সৰু ফেৰমেলা গছ, ফুল উজ্জল ৰঙা, ফল সৰু গোলাকাৰ, শুকান ফুলৰ গুড়ি গ্ৰহণীৰ ঔষধ, যকৃতৰ বাবে উপকাৰী, গৰ্ভৱতী নাৰীৰ কাৰনে শক্তিবৰ্ধক।



No comments:

Post a Comment