Total Pageviews

Tuesday, 25 March 2014

অৰ্জুন গছ,আকন গছ,বন আমলখি (যখিনী তামোল),আমৈলতা (শগুণী লতা)

অৰ্জুন গছ
(Terminalia arjuna Fam: Combretaceae)

ওখ ডাঙৰ গছ, ফল চাৰিসিৰীয়া, ছালৰ ৰস হৃদপিন্ডৰ ৰোগৰ মহৌষধ, প্ৰস্ৰাৱৰ অসুখ আৰু ৰক্তপিত্ত ৰোগৰ ঔষধ।






আকন গছ
(Calotropis gigantea, Fam: Asclepiadaceae)

সৰু জোপোহা গছ, ফুল থোপা বান্ধি ডালৰ আগত ধৰে, বগা পাতল বেঙুনীয়া, গছৰ ৰস, ফুলৰ ৰস হাঁপানি ৰোগৰ ঔষধ। ইয়াৰ পাত, ছাল আদি পানীলগা, সন্নিপাত জ্বৰৰ ঔষধ।





বন আমলখি (যখিনী তামোল)
(Phyllanthus niruri, Euphorbiaceae)

সৰু গছ, পাতৰ ঠাৰিৰ তলত সৰু সৰু গোলাকাৰ ফল ধৰে। গছৰ পাত আৰু কুমলীয়া ডালৰ ৰস জন্ডিছ ৰোগৰ মহৌষধ। শিপাৰ ৰস খালে জ্বৰ ভাল হয়।






আমৈলতা (শগুণী লতা)
(Tinospora cordifolia, Fam: Menispermaceae)
শকত আৰোহী লতা, ঘা-গছ শিপা আদি সঞ্চিত গ্ৰহনী, যকৃতৰ দুৰ্বলতা, পেটৰ নানা অসুখ, গনৰীয়া (প্ৰমেহ) আদিৰ মহৌষধ।

No comments:

Post a Comment