Total Pageviews

Thursday, 27 March 2014

বৰহমথুৰী,বকফুল,মেচাকি গছ,ভেদাইলতা

বৰহমথুৰী (থৌ থৌৱা, দলৈ চপা)
(Magnolia pterocarpa Roxb.Magnoliaceae)
(কৃতজ্ঞতা জ্ঞাপন অনন্ত বৰা 
https://groups.google.com/forum/#
!topic/indiantreepix/vX2T6PnE9Fc
বকফুল
Sesbania grandiflora (also known as agati, syn. Aeschynomene grandiflora,  Agati grandiflora Fam: Fabaceae)
মেচাকি গছ ( মিচিং নাম অম্বে)
(sarcochlamys pulcherrima Family Urticaceae)
ভেদাইলতা বা পাদুৰীলতা
(Paederia foetida Fam: Rubiaceae)

অসমৰ বাঁহ

অসমৰ বাঁহ

১। ভলুকা বাঁহ (Bambusa balcooa)
২। কতহা বাঁহ (Bambusa bambos)

৩। মোকাল বাঁহ (Bambusa nutans)

৪। বেতুৱা বাঁহ (Bambusa polymorpha)


৫। জাতি বাঁহ (Bambusa tulda)

৬। হালধীয়া বাঁহ (Bambusa vulgaris)














৭। বিজুলী বাঁহ (Bambusa pallida)
৮। কলিয়া বাঁহ (Bambusa auriculata)
৯। জুপুৰি বাঁহ Bambusa nana.

Bambusa teres
Bambusa cacharensis
Bambusa pseudopallida
Bambusa jaintiana
Bambusa mastersii

Dendrocalamus giganteus
Dendrocalamus hamiltonii
Dendrocalamus longispathus
Dendrocalamus strictus
Dinochloa Compactiflora.
Dinochloa gracilis
Dinochloa india
Dinochloa mclellandii.
Gigantochloa macrostachys
Melocanna baccifera (M.bambusoides)
Phyllostachys assamica
Schizostachyum dullooa
Schizostachyum griffithii
Schizostachyum pergracile
Schizostachyum polymorphum 


অধিক জানিবৰ বাবে ক্লিক কৰক
http://www.bambootech.org/subsubtop.asp?sname=STATE&subid=37&subname=NORTH%20EAST&subsubid=101

Wednesday, 26 March 2014

তিতা ফুল,তিতাখাৰি(বিশল্যকৰণী),তুবুকিলতা,তিতাভেকুৰি

তিতা ফুল:
(Phlogocanthus thyrsiflorus, Fam: Acanthaceae)

সৰু গছ, প্ৰায় ২ মি: ওখ, ফুল ৰঙা, জ্বৰ, কাহ, কৃমিজনিত অসুখত খোৱা হয়।তেজ পৰিস্কাৰ কৰে, অৰ্শ ৰোগ, বসন্ত ৰোগ, হাঁপানি ৰোগৰ উপশম হয়।











তিতাখাৰি (যাত্ৰাসিদ্ধি)
(Justicia gendaurussa Syn: Gendaurussa vulgaris, Fam: Acanthaceae)

জোপোহা গছ, ফুল বগা, পাতৰ ৰস বাত বিষৰ ঔষধ, ঘৰ্মকাৰক।


















তুবুকিলতা
(Stephania hernaudifolia, Fam: Menispermaceae)

কান্ডাৰোহী গছ, ফুল বগা, ফল গোলাকাৰ, কলেৰা, পিত্তজনিত জ্বৰ, ডিঙিত কফ জমা, অৰ্শ, অজীৰ্ণতা, অৰুচি  আদিত পাতৰ আৰু শিপাৰ ৰস খালে উপশম হয়। শ্বেত প্ৰদৰ আৰু প্ৰশ্ৰাৱৰ অসুখত পাতৰ ৰস মিচিৰিৰ লগত খালে ভাল হয়। দুখ পোৱা ঠাইত পাতৰ গৰম সেক দিলে ভাল হয়।





তিতাভেকুৰি
(Solonum indicaum, Fam: Solanaceae)

গা গছ, পাত পুস্পদন্ডত কাঁইট থাকে, বেঙেনা গছৰ দৰে , ফুল বগা, ফল গোলাকাৰ। অজীৰ্ণ, পেটৰ বিষ, অৰুচি লগা, পুৰণা হাঁপানি ৰোগ, পিত্তজনিত অসুখ নিৰাময়ৰ বাবে খোৱা হয়। গাঁঠিত বিষ হলে দৈনিক ভাতৰ লগত ফল খাব লাগে, প্ৰষ্ট্রেট গ্লেন্ডৰ বিকাৰত বা পাথৰি ৰোগত শিপাৰ ছাল গুড়ি কৰি ৭/৮ দিন খালে ভাল ফল পোৱা যায়। কিহবাই বিন্ধিলে বা ডাকিলে ফলৰ ৰস লগাব লাগে আৰু খাব লাগে, ছায়েটিকা ৰোগ উপশম হয়, মূৰত টকৌৱে খোৱাত লগালে ভাল হয়।

Tuesday, 25 March 2014

অৰ্জুন গছ,আকন গছ,বন আমলখি (যখিনী তামোল),আমৈলতা (শগুণী লতা)

অৰ্জুন গছ
(Terminalia arjuna Fam: Combretaceae)

ওখ ডাঙৰ গছ, ফল চাৰিসিৰীয়া, ছালৰ ৰস হৃদপিন্ডৰ ৰোগৰ মহৌষধ, প্ৰস্ৰাৱৰ অসুখ আৰু ৰক্তপিত্ত ৰোগৰ ঔষধ।






আকন গছ
(Calotropis gigantea, Fam: Asclepiadaceae)

সৰু জোপোহা গছ, ফুল থোপা বান্ধি ডালৰ আগত ধৰে, বগা পাতল বেঙুনীয়া, গছৰ ৰস, ফুলৰ ৰস হাঁপানি ৰোগৰ ঔষধ। ইয়াৰ পাত, ছাল আদি পানীলগা, সন্নিপাত জ্বৰৰ ঔষধ।





বন আমলখি (যখিনী তামোল)
(Phyllanthus niruri, Euphorbiaceae)

সৰু গছ, পাতৰ ঠাৰিৰ তলত সৰু সৰু গোলাকাৰ ফল ধৰে। গছৰ পাত আৰু কুমলীয়া ডালৰ ৰস জন্ডিছ ৰোগৰ মহৌষধ। শিপাৰ ৰস খালে জ্বৰ ভাল হয়।






আমৈলতা (শগুণী লতা)
(Tinospora cordifolia, Fam: Menispermaceae)
শকত আৰোহী লতা, ঘা-গছ শিপা আদি সঞ্চিত গ্ৰহনী, যকৃতৰ দুৰ্বলতা, পেটৰ নানা অসুখ, গনৰীয়া (প্ৰমেহ) আদিৰ মহৌষধ।

Monday, 24 March 2014

অগৰা,অনন্তমূল,অন্তমূল,অমৰা,অগ্নিজলোৱা

অগৰা
(Xanthium strumarium, Fam: Asteraceae)

চাপৰ গছ, ফল সমুহত হাকোতা শুং থকা । গছ জোপা ঘৰ্মকাৰক, মুত্ৰ নি্ঃসাৰক ।









অনন্তমূল
(Hemidesmus indicus, Fam: Asclepidaceae)

 কাণ্ডাৰোহী গছ, ফুল বগা, ইয়াৰ শিপা অৰ্শৰোগ, হাত-ভৰি জ্বলা-পোৰা কৰাত, হাঁপানী, অনিয়মিত ঋতুস্ৰাৱত, আমাশয় ৰোগত, মাতৃৰ দুগ্ধ বৃদ্ধিকৰাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।




অন্তমূল
(Tylophora asthmatica, Fam: Asclepediaceae)
আৰোহী লতা, পাতল হালধীয়া ফুল, ভিতৰ ফালে সামান্য বেঙুনীয়া, ইয়াৰ পাত হাঁপানি ৰোগৰ ঔষধ ।









অমৰা
(Spondius mangifera, Fam: Anacardiaceae)

পাত, ফল গ্ৰহণী তথা পেটৰ ৰোগৰ ঔষধ ।গছৰ ছাল ডায়েবেটিছ ৰোগৰ তথা প্ৰস্ৰাৱ জনিত ৰোগৰ ঔষধ।









অগ্নিজলোৱা
(Woodfordia fruticosa, Fam: Lythraceae)

পৰ্ণপাতী সৰু ফেৰমেলা গছ, ফুল উজ্জল ৰঙা, ফল সৰু গোলাকাৰ, শুকান ফুলৰ গুড়ি গ্ৰহণীৰ ঔষধ, যকৃতৰ বাবে উপকাৰী, গৰ্ভৱতী নাৰীৰ কাৰনে শক্তিবৰ্ধক।



Sunday, 23 March 2014

মুকুটা মঞ্জৰী, বনচোধ,বছ গছ,বাহক তিতা

মুকুটা মঞ্জৰী
(Acalypha indica, Fam: Euphorbiaceae)
এই বিধ গছৰ পাতৰ ৰস চূণৰ সৈতে মিলাই লগালে খৰ খজুৱতি ভাল হয় ।তেল নিমখৰ লগত পাতৰ ৰস মিহলাই সানিলে বাত বিষৰ উপষম হয়।পাতৰ শুকান গুৰি ঘাঁ ফহা বিশেষকৈ "Bedsores" ত অতিকৈ লাভদায়ক।







বনচোধ
(Achyranthes aspera Fam: Amaranthaceae)
বছ গছ ( Sweet flag)

(Acorus calamus Fam :Acoraceae)














                                                                                               
বাহক তিতা
(Adhatoda vasica Syn Justicia adhatoda Fam : Acanthaceae)


Saturday, 22 March 2014

অশোকফুল,অশ্বগন্ধা ,বৰালি বকুৱা, নলডুবা (হেলচি),মাটিকাদুৰী,পননোৱা

অসমৰ গছ সমুহ চিনো আহক :
অশোকফুল
(Saraca indica Fam: Leguminosae)চিৰহৰিৎ, জোপোহা গছ, ফুল ৰঙা, গছৰ ছালৰ ৰস নাৰীৰ সকলো জৰায়ুৰ ৰোগৰ মহৌষধ । স্নায়ু দুৰ্বলতা, শ্বেতস্ৰাব, ৰক্তঅৰ্শ, ধাতু দুৰ্বলতা আদিত ছালৰ ৰস উপকাৰী ।







অশ্বগন্ধা 

(Withania somnifera, Solanaceae)  Indian ginseng, poison gooseberry, or winter cherryফুল বগা বা পাতল হালধীয়া, শিপাৰ ৰস শক্তিবৰ্ধক, প্ৰমেহ, কুষ্ঠ, কুকুৰীকণা, খৰখজুৱতিৰ ঔষধ ।












বৰালি বকুৱা
(Pouzolzia indica, Fam: Urticaceae )

পাতৰ ৰসত এন্টিচেপটিক গুন থাকে, শুকান কাহৰ মহৌষধ







নলডুবা (হেলচি)

(Alternanthera phyloxeroides(Mar.) Grisep. Fam: Amaranthaceae, 

শাক হিচাপে ব্যৱহাৰ কৰা হয়।




মাটিকাদুৰী
(Alternanthera sessiles,Fam: Amaranthaceae, 
পাতৰ ৰস চুলি বৃদ্ধি হোৱাত সহায় কৰে তথা মাতৃ্দুগ্ধ বৃদ্ধিকাৰক।








পননোৱা
(Boerhaavia repens, Fam:Nyctaginaceae 

প্ৰেসাৱ জনিত ৰোগৰ ঔষধ, ৰক্তহীনতা, হাঁপাণী, ব্ৰন্কাইটিছ, জন্ডিছ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।